Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:34 pm

Home » আঞ্চলিক » বান-পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

বান-পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

ৱেব সংবাদঃ বৰাকৰ তিনিওখন জিলাৰ বানৰ ক্ষয়-ক্ষতি আৰু সাহায্যৰ বাবে প্রথম পর্যায়ত ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব। ১৯৮৯চনৰ পাছত এইবাৰ যিহেতু ভয়াৱহ বান হৈছে সেয়েহে জিলা কেইখনৰ উপায়ুক্তসকলৰ পৰা ক্ষয়-ক্ষতিৰ সন্দর্ভত সম্পূর্ণ তথ্য লৈ চৰকাৰে ব্যবস্থা ল’ব। দুর্নীতিক চৰকাৰে কোনো কাৰণতে কেতিয়াও প্রশ্রয় নিদিয়ে। সেয়েহে বৰাক উপত্যকাতাৰ বানত যিসকল ৰাইজ ক্ষতিগ্রস্ত হৈছে তেওঁলোকৰ সাহায্য নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে, বানপানীৰ পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কার্যসূচীৰে শনিবাৰে  জলসম্পদ ব‌িভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বৰাকত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল।  কৰিমগঞ্জ আৰু হাইলাকান্দিত প্রশাসনৰ সৈতে তেওঁ জিলা দুখনৰ বান পৰিস্থিতিৰ বুজ লয়।

দেওবাৰে পুৱা সম্পর্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে শিলচৰৰ গোপাল আখৰা পথত ভাৰত কেশৰী ডঃ শ্যামাপ্রসাদ মুখার্জীৰ সহকর্মী ডাঃ পি কে চক্রৱর্তী আৰু ৰামকৃঞ্চ মিছনৰ মহাৰাজৰ সৈতে দেখা কৰি চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বিষয়ে মত বিনিময় কৰে। পাছত শিলচৰৰ বালক বিদ্যালয়ৰ আশ্রয় শিবিৰত থকা লোকসকলৰ সৈতে কথা পাতি বুজ লয়। তাৰ পাছত শিলচৰৰ উপায়ুক্তৰ কার্যালয়ত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান পৰিস্থিতি পর্যালোচনা বৈঠকত অংশ গ্রহণ কৰে।

উল্লেখযোগ্য যে, বানৰ কবলত পৰি বৰাকত এই পৰ্যন্ত ২৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত ব্যক্তিৰ পৰিয়ালক চৰকাৰী এককালীন সাহায্য হিচাপে ৪ লাখ টকাকৈ দিয়া হৈছে। ইপিনে মুখ্যমন্ত্ৰী সোণোৱালে বৰাকৰ বানৰ ক্ষয়-ক্ষতিৰ বিপৰীতে বিশেষ পেকেজ ঘোষণা কৰাৰ দাবী উত্থাপিত হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি