বান-পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

ৱেব সংবাদঃ বৰাকৰ তিনিওখন জিলাৰ বানৰ ক্ষয়-ক্ষতি আৰু সাহায্যৰ বাবে প্রথম পর্যায়ত ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব। ১৯৮৯চনৰ পাছত এইবাৰ যিহেতু ভয়াৱহ বান হৈছে সেয়েহে জিলা কেইখনৰ উপায়ুক্তসকলৰ পৰা ক্ষয়-ক্ষতিৰ সন্দর্ভত সম্পূর্ণ তথ্য লৈ চৰকাৰে ব্যবস্থা ল’ব। দুর্নীতিক চৰকাৰে কোনো কাৰণতে কেতিয়াও প্রশ্রয় নিদিয়ে। সেয়েহে বৰাক উপত্যকাতাৰ বানত যিসকল ৰাইজ ক্ষতিগ্রস্ত হৈছে তেওঁলোকৰ সাহায্য নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে, বানপানীৰ পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কার্যসূচীৰে শনিবাৰে  জলসম্পদ ব‌িভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বৰাকত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল।  কৰিমগঞ্জ আৰু হাইলাকান্দিত প্রশাসনৰ সৈতে তেওঁ জিলা দুখনৰ বান পৰিস্থিতিৰ বুজ লয়। দেওবাৰে পুৱা সম্পর্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে শিলচৰৰ গোপাল আখৰা পথত ভাৰত