Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 10:59 am

Home » মনোৰঞ্জন » ২৯ আৰু ৩০ জুনত গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

২৯ আৰু ৩০ জুনত গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

গুৱাহাটী : উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে ৰং দে বসন্তী আৰবান ধাবাত অনুষ্ঠিত এক সংবাদমেলত ঘোষণা কৰিছে ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালেৰ তাৰিখ।
টাইটেল স্পনছ’ৰ গাৰ্নিয়াৰ মেন, হস্পিটালিটী পাৰ্টনাৰ ৰেডিছন ব্লু, ফ্ৰেগৰেন্স পাৰ্টনাৰ এক্স, আছাম ষ্টেট বায়’ডাইভাৰ্চিটী ব’ৰ্ড আৰু আইআইএফটি কলেজৰ সহযোগত নৱম গাৰ্নিয়াৰ মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব আইটিএ সাংস্কৃতিক প্ৰকল্প, মাছখোৱাত ২৯ জুনৰ সন্ধিয়া ৭ বজাৰ পৰা।
৩০ জুনৰ সন্ধিয়া ৭ বজাৰপৰা আইটিএ সাংস্কৃতিক প্ৰকল্পতআয়োজন কৰা হ’ব ১৬ সংখ্যক ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট, যাক সহযোগ কৰিছে টাইটেল স্পনছ’ৰ ছানছিল্ক, হস্পিটালিটী পাৰ্টনাৰ ৰেডিছন ব্লু, আছাম ষ্টেট বায়’ডাইভাৰ্চিটী ব’ৰ্ড আৰু আইআইএফটি কলেজে।
ফাইনেলিষ্টসকলক নিৰ্বাচন কৰা হৈছে আগৰতলা, ইটানগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু গুৱাহাটীত ১ৰপৰা ১১ জুনলৈ অনুষ্ঠিত হোৱা এলানি অডিচনৰ দ্বাৰা।এই অডিচনৰ মাধ্যমেৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজকসকলে ৫০গৰাকী মহিলাক নিৰ্বাচন কৰে ছানছিল্ক মেগা মিছ নৰ্থ ইষ্টৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ৫০জন পুৰুষক নিৰ্বাচন কৰিছে, যিসকলে অঞ্চলটোৰ আটাইতকৈ প্ৰত্যাশিত পুৰুষ হিচাপে পৰিগণিত হ’ব গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই। এই অনুষ্ঠানৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু আগবঢ়াইছে অভিজিত সিনহাই।
আজিৰ সংবাদমেলত সাংবাদিকসকল উদ্দেশ্যি, মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই কয়, “মেগা এণ্টাৰটেইনমেণ্টৰ উদ্দেশ্য হৈছে আমাৰ বিজয়ীসকলক এক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰা, য’ত তেওঁলোকে আন্তৰ্জাতিক গ্লেমাৰ উদ্যোগৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে। বিভিন্ন পুৰস্কাৰৰ লগতে, আমাৰ বিজয়ীসকলে এক এক্সক্লুছিভ ফটোশ্বুটৰ বাবে ডুবাই ভ্ৰমণ কৰাৰো সুবিধা লাভ কৰিব, ইয়াৰ জৰিয়তে তেওঁলোকে সেই স্থানৰ সাংস্কৃতিক বৈচিত্ৰ্য অধ্যয়নৰ সুযোগ দিয়াৰলগতে সমান্তৰালভাৱে তেওঁলোকৰ গ্ৰুমিং তথা পাৰ্ছনেলিটী ডেভেলপমেণ্টো হ’ব।”
বিগত বছৰবোৰত প্ৰতিযোগীসকলৰ ক্ৰমবৰ্ধিত মানৰ উত্তৰণ সম্পৰ্কে, সিনহাৰ সংযোজন, “এয়া অতি আশাৰ খবৰ যে আমাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন উদ্যোগতো জিলিকি উঠিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত আমাৰ তিনিগৰাকী পূৰ্বৰ বিজেতাই মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই বছৰো মেগা মিছ নৰ্থ ইষ্ট ২০১৭ মেৰী খাইৰিয়েমে মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ শীৰ্ষ-১২ত স্থান লাভ কৰে। তেওঁলোকৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই আমি সঁচাকৈয়ে গৌৰৱান্বিত।”
অনুষ্ঠানত উপস্থিত থকা অন্যসকলৰ ভিতৰত আছে ডিজাইনাৰ দীপিকা য়েংখম, নিতু কচাৰী আৰু অকুমনাৰো ইমছং, যিসকলে ডিজাইন কৰিব মেগা মিছ আৰু মিষ্টাৰ নৰ্থ ইষ্টৰ ফিনালে কালেকচন।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাতে থাকিব পাঁচটাকৈ ছাবটাইটেল, যিয়ে ছাবটাইটেল বিজেতাসকলক পোনপটীয়াকৈ শীৰ্ষ-২০ত প্ৰৱেশ কৰিবলৈ সুযোগ প্ৰদান কৰিব। মেগা মিছ নৰ্থ ইষ্টৰ ছাবটাইটেলবোৰ হৈছে, ছানছিল্ক হেয়াৰ হেক ডিভা, এএছবিবি মিছ ইক’, ৰেডিছন ব্লু মিছ হস্পিটালিটী, আইটিএফটি কলেজ পাৰ্চনেলিটী আৰু ৱান এণ্ড জিৰ’ মিছ ফটোজেনিক। গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ ছাবটাইটেলসমূহ হৈছে, গাৰ্নিয়াৰ মেন আল্টিমেট ফাইটাৰ, এএছবিবি মিষ্টাৰ ইক’, ৰেডিছন ব্লু মিষ্টাৰ হস্পিটালিটী, এক্স ছিগনেছাৰ ৱাইল্ড কাৰ্ড বিজেতা আৰু চ্চিজেল দীঘলীপুখুৰী বেষ্ট ফিজিক।
ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীগৰাকীয়ে লাভ কৰিব প্ৰায় ৭ লাখ টকাৰ প্ৰাইজ পেকেজ, য’ত থাকিব বিজয়ীৰ মুকুট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ ছেছ, ১ লাখ টকাৰ নগদ পুৰস্কাৰ, ছানছিল্কৰ প্ৰিণ্ট আৰু আউটড’ৰ কেম্পেইনৰ মুখ হোৱাৰ সুযোগ।
গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীজনে লাভ কৰিব প্ৰায় ৫ লাখ টকাৰ প্ৰাইজ পেকেজ। য’ত থাকিব গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ ছেছ আৰু ট্ৰফী তথা ১ লাখ টকাৰ নগদ পুৰস্কাৰ।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰাইজ পেকেজৰ সৈতে থাকিব ডুবাইলৈ ৰাউণ্ড ট্ৰীপ, এক আন্তৰ্জাতিক স্থানত ফটোশ্বুট, চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট্ হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটোগ্ৰাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’ৰ্টফলিঅ’ শ্বুট, বিজয়ী বছৰটোৰ বাবে লাইফছ পাৰ্পলৰপৰা পাবলিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেণ্ট আৰু ৱান এণ্ড জিৰ’ৰপৰা ডিজিটেল চেলিব্ৰেটী মেনেজমেণ্ট। সমান্তৰালভাৱে, বিজেতাসকলে আইটিএফটি, চণ্ডিগড়ত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰপৰা তিনি-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে জলপাণি আৰু টিআৰআইজি এমপাৱাৰিং ইন্সটিটিউট, গুৱাহাটীৰপৰা ৬-মাহৰ এভিয়েচন এণ্ড হস্পিটালিটী পাঠ্যক্ৰম লাভ কৰিব।
এই বছৰ মেগা এণ্টাৰটেইনমেণ্টে সমাজৰ প্ৰতি এক দায়বদ্ধ সংস্থা হিচাপে বায়’ডাইভাৰ্ছিটী, ফৰ পোষ্টাৰিটী এণ্ড প্ৰছপাৰিটীশীৰ্ষক মুখ্য বিষয়েৰে উল্লেখনীয় জৈৱ বৈচিত্ৰ্য সম্পৰ্কে সামাজিক সজাগতা সৃষ্টি কৰিবলৈ আছাম ষ্টেট বায়’ডাইভাৰ্ছিটী ব’ৰ্ড, চমুকৈ এএছবিবিৰ সৈতে সংযুক্ত হৈছে। এই উদ্যোগৰ অংশ হিচাপে সংস্থাটোৱে জৈৱ বৈচিত্ৰ্যপূৰ্ণ স্থানত সজাগতা অভিযান আয়োজিত কৰিব আৰু কিয় এইবোৰ সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে সাধাৰণ জনতাক শিক্ষা প্ৰদান কৰা হ’ব।
এই সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰশিক্ষণ আৰু গ্ৰুমিং ছিজনত থাকিব এক কঠিন প্ৰি-জাজিং ছিজন, য’ত মহিলা প্ৰতিযোগীসকলৰ বিচাৰ কৰা হ’ব তেওঁলোকৰ আত্মবিশ্বাস, কেৰিজ, বুদ্ধিমত্তা আৰু সৌন্দৰ্যৰ আধাৰত, বিপৰীতে পুৰুষ প্ৰতিযোগীসকলক পৰীক্ষা কৰা হ’ব তেওঁলোকৰ বুদ্ধিমত্তা, ফিটনেছ, ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ ভিত্তিত। ডিজাইনাৰ নিতু কছাৰী আৰু দীপিকা য়াংখমে ক্ৰমে ছেমিফিনালে আৰু গ্ৰেণ্ড ফিনালেৰ বাবে গাউন ডিজাইন কৰিব। গ্ৰেণ্ড ফিনালেৰ দিনা সামৰণি অনুষ্ঠানত মেৰী খাইৰিয়েম- মেগা মিছ নৰ্থ ইষ্ট ২০১৭ আৰু সুমন নিংথৌজাম, মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৭-ই মুকুট পিন্ধাব তেওঁৰ উত্তৰসূৰীসকলক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি