Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:05 pm

Home » আঞ্চলিক » ২৪ জুনত বৰপেটাৰ কয়াকুছিত জিলা এ আই ইউ ডি এফ যুৱ মৰ্চাৰ বৰ্ধিত কাৰ্য্যকৰী সভা

২৪ জুনত বৰপেটাৰ কয়াকুছিত জিলা এ আই ইউ ডি এফ যুৱ মৰ্চাৰ বৰ্ধিত কাৰ্য্যকৰী সভা


বৰপেটা : সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ)ৰ বৰপেটা জিলাৰ নৱনিযুক্ত যুৱ মৰ্চাৰ উদ্দোগত ২৪ জুনত কয়াকুছি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বৰ্ধিত কাৰ্য্যকৰী সভাৰ আয়োজন কৰা হৈছে।
উক্ত সভাত মুখ্য অতিথি হিচাপে দলৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি তথা নাওবৈচা সমষ্টিৰ বিধায়ক মামুদ ইমদাদুল হক চৌধুৰীৰ লগতে বৰপেটা জিলা সমিতিৰ সভাপতি তথা ভৱানীপুৰ সমষ্টিৰ বিধায়ক আবুল কালাম আজাদ, বৰপেটা জিলাৰ কাৰ্য্যকৰী সভাপতি তথা জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলাম, সৰুক্ষেত্ৰী বিধানসভাৰ প্ৰাক্তন বিধায়ক আলি হুছেইন, বৰপেটা জিলা যুৱ মৰ্চাৰ সভাপতি অধিবক্তা মতিউৰ ৰহমান সম্বন্ধিতে বৰপেটা জিলাৰ সমিতিৰ আন আন বিষয়ববীয়া সকলেও উপস্থিত থাকিব।
তদুপলক্ষে উক্ত সভাত বৰপেটা জিলাৰ সকলো বিভাগ ক্ৰমে জিলা সমিতিৰ বিষয়ববীয়া, যুৱ মৰ্চা সমিতি, মহিলা মৰ্চা সমিতি আৰু ছাত্ৰ মৰ্চা সমিতিৰ সকলো স্তৰৰ সকলো নেতৃবৃন্দ সমষ্টি সমিতিৰ বিষয়ববীয়া, পঞ্চায়ত আৰু ৱাৰ্ডৰ সকলো স্তৰৰ নেতৃবৃন্দৰ লগতে সাধাৰণ কৰ্মীসকলক উপস্হিত থাকিবলৈ আহ্বান জনাইছে বৰপেটা জিলা যুব মৰ্চাৰ সাধাৰণ সম্পাদক আজিজুল আলী আহমেদে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি