Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:19 pm

Home » আঞ্চলিক » শোচনীয় নিৰাপত্তা ব্যৱস্থা : গোসাঁইবাবা ধাম মন্দিৰত চোৰৰ তাণ্ডব

শোচনীয় নিৰাপত্তা ব্যৱস্থা : গোসাঁইবাবা ধাম মন্দিৰত চোৰৰ তাণ্ডব

গোসাঁইগাঁও : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ মাজমজিয়াত অৱস্থিত ‘গোসাঁইবাবা ধাম মন্দিৰ’ত বৃহস্পতিবাৰে নিশা অচিনাক্ত চোৰে চুৰি কাৰ্য সংঘটিত কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, গোসাঁইগাঁও মহকুমাৰ ঐতিহ্য মণ্ডিত গোঁসাইবাবা ধাম শিৱ মন্দিৰ, দূৰ্গা মন্দিৰ আৰু শনি মন্দিৰৰ প্ৰৱেশ দুৱাৰ তথা দান পাত্ৰৰ তলা ভাঙি প্ৰনামীৰ সমগ্ৰ ধন চোৰে চুৰি কৰি নিয়ে৷
নিশা মন্দিৰটোত কোনো নৈশ চকীদাৰ নথকাত চোৰে নিৰ্বিঘ্নে মন্দিৰটোত চাফাই অভিযান চলায় যদিও ৰাতিপুৱাহে ভক্তসকলে দৰ্শনলৈ গৈ মন্দিৰটোত সংঘটিত চুৰিৰ ঘটনাটো জানিব পৰে৷
মহকুমা সদৰ চহৰ খনৰ মাজমজিয়াত তথা আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত অৱস্থিত ঐতিহ্যমন্দিত মন্দিৰটোত নিশা সংঘটিত এনে ঘটনাক স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনৰ সোপাঢিলা নিৰাপত্তা ব্যৱস্থাৰ বাবে সংঘটিত হোৱা বুলি দোষাৰোপ কৰিছে৷
উল্লেখযোগ্য বিষয় যে, মহকুমা সদৰ চহৰ খনত ইয়াৰ পূৰ্বেও কেইবাটাও চুৰি ঘটনা সংঘটিত হৈছে৷ কিছুদিন পূৰ্বে গোসাঁইগাওঁ মাজমজিয়াৰ সৎ সংঘ বিহাৰ মন্দিৰৰ দানপাত্ৰ ভাঙি প্ৰনামীৰ ধন চুৰি কৰি নিয়াৰ উপৰি গেলামাল দোকান, কম্পিউটাৰ দোকান আদি কৰি কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি ঘটনা সংঘটিত কৰিছিল৷
এটাৰ পিছত আনটো চুৰি ঘটনাত জড়িত চোৰৰ চি.চি. টিভি ফুটেজ আৰক্ষীয়ে লাভ কৰাৰ পিছতো চোৰক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হব পৰা নাই৷ আনহাতে কিছুদিন পূৰ্বে সত্যপুৰ মহামায়া মন্দিৰত নিশা চোৰে তাণ্ডৱ চলাই পূজাৰ সা-সামগ্ৰী লণ্ডভণ্ড কৰি সোণৰ আ-অলংকাৰ, প্ৰনামীৰ ধন চুৰি কৰি নিয়াৰ উপৰিও মন্দিৰটোৰ দেৱীৰ প্ৰতিমাত লেতেৰা সামগ্ৰী লিপি দি ধৰ্মীয় অনুভূতিত অঘাত কৰাৰ দৰে ঘটনা সংঘটিত কৰে দুষ্ট চক্ৰই৷
অনুৰুপ ঘটনা আকৌ সংঘটিত হৈছে কেইবাটাও মন্দিৰত৷ এনেদৰে এটাৰ পিছত এটাকৈ চুৰিৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজক ভীতিগ্ৰস্থ কৰি তুলিছে৷ প্ৰতিনিশা উজাগৰে কটাব লগীয়া পৰিস্থিতি পৰা পৰিত্ৰাণ বিছাৰি ৰাইজে আৰক্ষী নৈশ তহল কটকতীয়া কৰাৰ বাবে অনুৰোধ কৰিছে মহকুমা প্ৰশাসনক৷
আনহাতে গোসাঁইগাও মহকুমাখনত সংঘটিত হৈ অহা এনে চুৰি ঘটনাসমূহ ৰোধ কৰাত আৰক্ষীয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ ফলত নিশা হলেই ৰাইজ চোৰৰ আতংকত উজাগৰে কটাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি