Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:50 am

Home » আঞ্চলিক » যোগাসনৰ নামত গামোচাৰ বিলৈ

যোগাসনৰ নামত গামোচাৰ বিলৈ


গুৱাহাটী : যি সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমীয়াৰ স্বাভিমানৰ প্রতীক গামোচা ডিঙিত লৈ কালি আন্তঃৰাষ্ট্রীয় যোগ দিৱসত অংশগ্রহণ কৰি অসমীয়াক গৌৰৱান্বিত কৰি তুলিলে, সেই সময়তে কালি যোগ দিৱসৰ দিনা গামোচাক ভৰিৰে মোহাৰি চৰম অপমান কৰিলে নগাঁৱৰ এজন চৰকাৰী বিষয়াই৷
অসমীয়াৰ স্বাভিমান, জাতীয় বস্ত্র গামোচাখনক চৰম অপমান কৰা এই নিন্দনীয় ঘটনাটো কালি সংঘটিত হৈছে জিলাখনৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তর্গত বৰভেটি গাঁও পঞ্চায়তৰ কার্যালয়ত৷ কালি পুৱা আন্তঃৰাষ্ট্রীয় যোগ দিৱসত যোগাসন কৰাৰ নামত পঞ্চায়তটোত গামোচাৰ ওপৰত ভৰি দি থিয় হৈ যোগাসন কৰি গামোচাক চৰম অপমান কৰিলে বৰভেটি গাঁও পঞ্চায়তৰ কার্যালয়ৰ এন আৰ চি কেন্দ্রৰ নামত নিয়োজিত এজন দায়িত্বশীল চৰকাৰী বিষয়াই৷
তেওঁৰ নাম বিচিত্র বর্মন৷ গামোচা ভৰিৰ তলত পাৰি যোগাসন কৰি উদ্ধতালি কৰা এই বিষয়াজন নগাঁও জলসিঞ্চন (কাৰিকৰী) সংমণ্ডলৰ এজন সহকাৰী অভিযন্তা৷ পঞ্চায়তটোৰ কার্যালয়ৰ ভিতৰত কালি এন আৰ চিৰ সেৱাত নিয়োজিত কেইবাজনো বিভিন্ন পর্যায়ৰ বিষয়া-কর্মচাৰীয়ে যোগ দিৱস উপলক্ষে যোগাসন কৰিছিল৷
অন্য বিষয়া-কর্মচাৰীসকলে কার্যালয়টোৰ পকী মজিয়াতেই কোনো কঠ অথবা বস্ত্র নপৰাকৈয়ে যোগাসন কৰে যদিও বর্মনে এখন ফুলাম গামোচা পকী মজিয়াত পাৰি গামোচাখনৰ ওপৰতে থিয় হৈ বহি যোগাসন কৰে৷ অৱশ্যে তেওঁৰ এই উদ্ধতালিৰ প্রতিবাদ কৰাৰ সাহস কোনেও গোটাব নোৱাৰিলে যদিও গামোচাক চূড়ান্ত অপমান কৰি যোগাসন কৰা ফটোখন এতিয়া ভাইৰেল হৈ পৰিছে৷
এন আৰ চিৰ দায়িত্বত থকা নগাঁও জলসিঞ্চন (কাৰিকৰী) সংমণ্ডলৰ সহকাৰী অভিযন্তাজনৰ এই কার্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ যিজন অসমীয়া বিষয়াই নিজৰ জাতিৰ স্বাভিমান গামোচাখনকেই সন্মান জনাব নাজানে, তেওঁ ৰাইজৰ সেৱা কেনেকৈ কৰিব বুলিও ৰাইজে প্রশ্ন তুলিছে৷ এই দুষ্কার্যৰ বাবে বিষয়াজনক ক্ষমা খুজিবলৈকো ৰাইজে দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি