Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:00 pm

Home » আঞ্চলিক » কোকৰাঝাৰত চাউতাল ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

কোকৰাঝাৰত চাউতাল ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

মানুহে কৰিব নোৱাৰা কাম একো নাই: আৰক্ষী অধীক্ষক ৰাজেন সিং

কোকৰাঝাৰ : সদৌ চাউতাল ছাত্র সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ সদ্য ঘোষিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ভিতৰুৱা অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ১০০ জন ছাত্ৰ-ছাত্ৰীক একোখন মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়।
কোকৰাঝাৰৰ আমগুৰী বৃত্তিগত প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলা সদৌ চাউতাল ছাত্ৰ সন্থাৰ সভাপতি এলবিন মুৰ্মুই। এই বিশেষ অভিনন্দন অনুষ্ঠান উদ্বোধন কৰি সদৌ চাউতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কুই কয়— সম্বৰ্ধনাৰ উদ্দেশ্য যাতে অথলে নাযায়, তাৰ বাবে সম্বৰ্ধিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ধ্যান দিব লাগিব। তেওঁ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক মন, মগজু আৰু আত্মাৰ মিলন ঘটাই নিজৰ লগতে সমাজৰ ভাল কাম কৰিলেহে সমাজখন আগবাঢ়ি যাব বুলি কৈ এই কথাত ধ্যান দিবলৈ আহ্বান জনায়।
মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সম্বৰ্ধিত শিক্ষাৰ্থীসকলক উদ্দেশ্য প্ৰেৰণামূলক ভাষণত কয় যে— মানুহে কৰিব নোৱাৰা একো কাম নাই। সেয়ে লক্ষ্য আগত ৰাখি কঠোৰ প্ৰচেষ্টাৰে শিক্ষা গ্ৰহণ কৰা ছাত্রছাত্ৰীয়ে জীৱনত সফলতা লাভ কৰিবই। আদিবাসী সমাজত অন্ধবিশ্বাস এতিয়াও আছে। সেয়া কেৱল শিক্ষাৰ অভাবৰ পৰিণতি৷
নিৰ্দিষ্ট বক্তাৰ ভাষণত আমগুৰী ডনবষ্ক’ বিদ্যালয়ৰ মূৰব্বীয়ে কয় যে— ছাত্র সন্থাৰ অভিনন্দন অনুষ্ঠানত অভিনন্দন গ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকলে পৰৱৰ্তী সময়তো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিব লাগিব। শিক্ষা গ্ৰহণৰ সময়ত লক্ষ্য উদ্দেশ্য নিৰ্দ্ধাৰণ কৰিব লাগিব আৰু ভবিষ্যতে সমাজত এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰিব লাগিব। শিক্ষা সমাপ্ত নকৰি আগলৈ উচ্চ শিক্ষাৰ যাত্ৰা আগুৱাই লৈ যাবলৈ আহ্বান কৰে। কাৰণ ভবিষ্যতে সংস্থাপিত হ’লেও সমাজৰ ভাল কাম কৰাৰ বাবেও দায়বদ্ধতা থাকিব লাগিব।
অভিনন্দন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, আদিবাসী জাতীয় মহাসভাৰ সভাপতি বোয়েল হেমব্ৰম প্ৰমুখ্যে কেইবাগৰাকী ছাত্র নেতা, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত আমগুৰী ডনবষ্ক’ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ গীত-মাতে সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি