Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:16 am

Home » আঞ্চলিক » এন আৰ চিত ১৩ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত

এন আৰ চিত ১৩ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত


গুৱাহাটী : বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশী আৰু দেশৰ নির্বাচন আয়োগে সন্দেহযুক্ত ভোটাৰ (ডি) বুলি চিহিুত কৰা ব্যক্তিৰ নামেই নহয় তেওঁৰ ভাতৃ, ভগ্নী বা পৰিয়ালৰ আন সদস্যৰ নাম নাগৰিকপঞ্জীত (এন আৰ চি) অন্তর্ভুক্ত নহ’ব৷ বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশী বা ‘ডি’ ভোটাৰজনক বাদ দি পৰিয়ালৰ আন সদস্যৰ নাম এন আৰ চি থকা-নথকাৰ বিষয়টো উচচ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছিল যদিও শুকুৰবাৰে দিয়া ৰায়দানত এন আৰ চিত এই লোকসকলৰে নহয় তেওঁলোকৰ পৰিয়ালৰ আন আন সদস্যৰ নাম অন্তর্ভুক্ত নোহোৱাটো নিশ্চিত হ’ল৷ যাৰ ফলত বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা ৯০,২০৬গৰাকী বিদেশী আৰু নির্বাচন আয়োগে ‘ডি’ বুলি চিহিুত কৰা ১,২৫,৩৩৩গৰাকী লোকৰে নহয় তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিত বাদ পৰাটো খাটাং হৈ পৰিল৷
অর্থাৎ বিদেশী ঘোষিত আৰু ডি ভোটাৰৰ মুঠ ২,১৫,৫৩৯গৰাকী লোকৰ নাম এন আৰ চিত নোসোমায়৷ এন আৰ চি কর্তৃপক্ষই জাৰি কৰা নির্দেশনাৰ সপক্ষে গুৱাহাটী উচচ ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি বিদেশী ঘোষিত আৰু ডি বুলি চিহিুত প্রতিটো পৰিয়ালৰ সদস্যৰ সংখ্যা গড় হিচাপত ৬জনকৈ ধৰিলেও চূড়ান্ত খচৰা প্রকাশৰ পূর্বে ১২,৯৩,২৩৪গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাটো খাটাং হৈ পৰিল৷ চূড়ান্ত খচৰাত কিমান লাখ মানুহৰ নাম বাদ পৰিব সেই কথা নিশ্চিতকৈ ক’ব নোৱাৰিলেও অহা ৩০ জুনত প্রকাশ হ’বলগীয়া খচৰাত প্রায় ১৩ লাখ লোকৰ নাম বাদ পৰাটো আগতীয়াকৈ নিশ্চিত হ’ল৷ অৱশ্যে ডি ভোটাৰৰ নাম এন আৰ চিত অন্তর্ভুক্ত কৰাৰ বিপৰীতে তেওঁলোকৰ নাম বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা নকৰালৈকে হ’ল্ড (বন্ধ ) কৰি ৰখা হ’ব৷
উল্লেখযোগ্য যে যোৱা ২৫২০১৮ তাৰিখে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ বিদেশী ঘোষিত ব্যক্তিৰ লগতে তেওঁৰ ভাতৃ, ভগ্নীৰ নাম এন আৰ চিৰ খচৰাত অন্তর্ভুক্ত নকৰিবলৈ এক নির্দেশনা জাৰি কৰিছিল৷ এই নির্দেশনাক প্রত্যাহবান জনাই আজিজুল হক নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও তেওঁৰ আৱেদনক ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ৰুমী কুমাৰী ফুকনৰ আদালতে শুকুৰবাৰে নাকচ কৰে৷
ইয়াৰ লগে লগে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশী আৰু ডি ভোটাৰৰ পৰিয়ালৰ সদস্যৰ নাম চূড়ান্ত খচৰাত অন্তর্ুক্ত নোহোৱাটো নিশ্চিত হ’ল৷ উক্ত গোচৰটোত আৱেদনকাৰীৰ হৈ আদালতত যুক্তি প্রদর্শন কৰিছিল উচচতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ পাছা আৰু এন আৰ চি কর্তৃপক্ষৰ হৈ যুক্তি প্রদর্শন কৰিছিল গুৱাহাটী উচচ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আৰু অনিতা বার্মাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি