Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:45 pm

Home » আঞ্চলিক » আজিৰ পৰা প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন

আজিৰ পৰা প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন

গুৱাহাটী : আজিৰে পৰা তিনিটা পর্যায়ত আৰম্ভ হ’ব অসম প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন৷ প্রদেশ যুৱ কংগ্রেছৰ সাংগঠনিক নির্বাচনৰ ভোটগ্রহণ কাইলৈ ২৪খন জিলাৰ ৩৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব৷ ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটা হ’ল– সৰভোগ, বৰপেটা, জনিয়া, বিহালী, উত্তৰ অভয়াপুৰী, সোণাই, ধলা, উদাৰবন্দ, ছিপাঝাৰ, দলগাঁও, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, লাহোৱাল, দুলীয়াজান, হাফলং, গোলাঘাট, লামডিং, দেৰগাঁও, মৰিয়নি, দিছপুৰ, ছয়গাঁও, বোকাজান, ৰাতাবাৰী, পাথাৰকান্দি, ঢকুৱাখনা, মাজুলী, জাগীৰোড, ধর্মপুৰ, চতিয়া, দক্ষিণ শালমাৰা, মানকাচৰ, ডিগবৈ, শদিয়া, ধিং, কলিয়াবৰ আৰু আমগুৰি৷ সভাপতি পদত দহগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ উপৰি সাধাৰণ সম্পাদক পদত ৪৬গৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ কাইলৈ প্রথম পর্যায়ৰ ভোট গ্রহণত প্রায় ৩৫ হাজাৰ যুৱ কংগ্রেছৰ সদস্যই ভোটদান সাব্যস্ত কৰিব৷ সভাপতি পদৰ একমাত্র মহিলা প্রার্থী অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰিৰ উপৰি আন দুগৰাকী প্রার্থী নূৰ ছফিবুল ৱাহিদৰ নিজ সমষ্টি পূব বিলাসীপৰা আৰু ৰাতুল পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰতো ভোটগ্রহণ হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি