Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:26 am

Home » আঞ্চলিক » অভিজিৎ-নীলোৎপলৰ আত্মাৰ চিৰশান্তি কামনাৰে ভূপেন লিকচনৰ গুৱাহাটীলৈ চাইকেল যাত্ৰা

অভিজিৎ-নীলোৎপলৰ আত্মাৰ চিৰশান্তি কামনাৰে ভূপেন লিকচনৰ গুৱাহাটীলৈ চাইকেল যাত্ৰা

লিডুৰ পৰা উজ্জ্বল চৌধুৰীৰ সংবাদ:
তিনিচুকীয়া জিলাৰ জাগুন খাৰাংকংৰ নিবাসী ভূপেন লিকচনে শুকুৰবাৰে অভিজিৎ আৰু নীলোৎপলৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে৮ জুনত ডকমকাৰ পানজুৰিত এচাম দুস্কৃতিকাৰীয়ে নিৰ্মমভাৱে হত্যা কৰা অসমৰ দুগৰাকী প্ৰতিভাবান যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ মানসেৰে ভূপেন লিকচনে অসম-অৰুণাচল সীমান্তৰ জাগুন বজাৰৰ মাজমজিয়াৰ পৰা গুৱাহাটীলৈ আৰম্ভ কৰিলে এক চাইকেল যাত্ৰা।
নীলোৎপল আৰু অভিজিতৰ প্ৰতিচ্ছবি বাইচাইকেলখনৰ সন্মুখত ওলমাই জাগুনৰ পৰা গুৱাহাটীলৈ প্ৰায় ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ তিনিদিনত অতিক্ৰম কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে ব্যক্তিজনে।
স্মৰ্তব্য ইয়াৰ পূৰ্বেও ভূপেন লিকচনে গঁড় হত্যাৰ প্ৰতিবাদতো জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা কৰাৰ লগতে জাগুনৰ পৰা মাৰ্ঘেৰিটাস্থিত পাৱৈৰ লৈকে ঘণ্টাত ৪০ কিলোমিটাৰ পথ হেণ্ডেল নধৰাকৈ বাইচাইকেল চলাই ২০১৩ চনত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু চেন্নাইৰ পণ্ডেশ্বৰীত ঘণ্টাত ৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ২০১৫ চনত এছিয়া বুক অফ ৰেকৰ্ডছ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ সমান্তৰালকৈ ব্যক্তিজনে অনাগত দিনত গ্ৰিনিজ বুক অফ ৰেকৰ্ডছ অৰ্জন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতেই ৫৪বছৰীয়া ভূপেন লিকচনে ধৰ্য্য, একাগ্ৰতা আৰু প্ৰবল মনোবলেৰে দৰিদ্ৰতা তথা বিভিন্ন সমস্যাক একাষৰীয়া কৰি হাতত লোৱা এনে পদক্ষেপক শুভাকাংক্ষী তথা জাগুন বাসী ৰাইজে আদৰণী জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি