Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:07 am

Home » বিবিধ » সন্মান-বঁটা » সংগীত নাটক অকাডেমী বঁটাৰ বাবে নির্বাচিত জগন্নাথ বায়নক সম্বর্ধনা বৰপেটা জিলা উপায়ুক্তৰ

সংগীত নাটক অকাডেমী বঁটাৰ বাবে নির্বাচিত জগন্নাথ বায়নক সম্বর্ধনা বৰপেটা জিলা উপায়ুক্তৰ

বৰপেটাত কাম কৰিব পাই মই নিজে ধন্য : থানেশ্বৰ মালাকাৰ

বৰপেটা : ভাৰত চৰকাৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সর্বোচ্চ স্বীকৃতি হিচাপে বিবেচিত সংগীত নাটক। অকাডেমী বঁটাৰ বাবে নির্বাচিত বৰপেটা সত্ৰৰ বৰবায়ন, ভীমাবায়ন বংশৰ জ্যেষ্ঠ বায়ন তথা ‘সত্ৰভূষণ’ উপাধিৰে বিভূষিত জগন্নাথ বায়নৰ বৰপেটা চহৰৰ কুজিদ’হাটীস্থিত বাসগৃহত উপস্থিত হৈ শুকুৰবাৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্ধনা জনায়। দিনৰ প্রায় দুই বজাত শিল্পীগৰাকীৰ বাসগৃহত শিল্পীগৰাকীক এখন ফুলাম গামােচা, জাপি, মানপত্ৰ আৰু মিঠাইৰ টোপােলাৰে সম্বৰ্ধনা জনায় জিলা উপায়ুক্ত গৰাকীয়ে।
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ উপস্থিতিত সম্বর্ধনা গ্রহণ কৰি নব্বৈৰ উৰ্ধৰ সত্ৰীয়া শিল্পীগৰাকীয়ে কয় যে, এই সন্মান লাভ কৰাত তেও যথেষ্ট আনন্দিত। সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰাক ধৰি ৰখাৰ বাবে নতুন প্রজন্মৰ শিল্পীসকলক আহ্বান জনায় বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীয়ে।
বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্ধনা জনাই কয় যে, সত্ৰীয়া শিল্পীগৰাকীয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নির্বাচিত হৈ অসমৰ লগতে সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। শিল্পীগৰাকীৰ এনে সাফল্যই এই দিশৰ লগত জড়িত শিল্পীসকলৰ বাবে আশাৰ ৰেঙনি বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে। আর্থিক দিশত যথেষ্ট দুর্বল যদিও শিল্পীগৰাকীয়ে যি মানসিকতাৰে সত্ৰীয়া ৰীতি-নীতি বছৰ বছৰ ধৰি ধৰি ৰাখিছে তাৰ ফলশ্ৰুতিত দেশৰ সাংস্কৃতিক ক্ষেত্ৰত সর্বোচ্চ সম্মান লাভ কৰিবলৈ সক্ষম হােৱা বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে।
বৰপেটা জিলাত কাম কৰিব পাই নিজে ধন্য হােৱা বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে, সদ্য ঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা জিলাৰ পৰা চাৰিগৰাকী, উচ্চতৰ মাধ্যমিকত সাত গৰাকীয়ে শীর্ষ দহত স্থান লাভ কৰাৰ লগতে জিলাখনৰ পৰা দুগৰাকী বিশিষ্ট ব্যক্তিয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নির্বাচিত হােৱাৰ উপৰি এইবাৰৰ বিষ্ণুৰাভা বঁটা লাভ কৰিছে জিলাখনৰ সৰ্থেবাৰীৰ নামশলাৰ গুণেশ্বৰ ভূঞাই।
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই জগন্নাথ বায়নৰ ওপৰত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱাৰ লগতে আর্থিকভাৱে দুর্বল পৰিয়ালটোৰ দিব্যাংগ কন্যা গৰাকীক যিকোনাে এটা সংস্থাপন দিয়াৰ বাবে উপায়ুক্ত গৰাকীক আহ্বান জনায় বুঢ়াসত্ৰীয়া গৰাকীয়ে।
আনহাতে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নির্বাচিত আন এগৰাকী সাধক শিল্পীৰামকৃষ্ণ তালুকদাৰ আৰু কলা নির্দেশক, শিল্পী নুরুদ্দিন আহমেদকো এই বঁটা প্রাপ্তিৰ বাবে ফোনযােগে অভিনন্দন জনােৱা বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে। অচিৰেই এই দুগৰাকী শিল্পীকো প্রশাসনৰ তৰফৰ পৰা সম্বর্ধনা জনােৱা হ’ব বুলি সদৰী কৰে উপায়ুক্ত থানেশ্বৰ মালাকাৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি