Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:04 am

Home » আঞ্চলিক » চাঞ্চল্যকৰ ঘটনা : মাৰণাস্ত্ৰ লৈ এন আৰ চি কেন্দ্ৰত মহিলাৰ প্ৰৱেশ

চাঞ্চল্যকৰ ঘটনা : মাৰণাস্ত্ৰ লৈ এন আৰ চি কেন্দ্ৰত মহিলাৰ প্ৰৱেশ


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কুশতলি এন আৰ চি কেন্দ্ৰত মঙলবাৰে এগৰাকী মহিলাই হাতত এটি পিষ্টল আৰু এটি বন্দুক লৈ এন আৰ চি কেন্দ্ৰত প্ৰবেশ কৰাত কেন্দ্ৰটোত হুৱা-দুৱা লাগে। পিছত নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দল কেন্দ্ৰটোত উপস্থিত হৈ মহিলাগৰাকীক আটক কৰে।
ইয়াৰ উপৰি আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই মহিলাগৰাকীৰ বাসগৃহতো তালাচী চলায়। মাৰণাস্ত্ৰ লৈ এন আৰ চি কেন্দ্ৰত প্ৰবেশ কৰা মহিলা গৰাকী চম্পা বড়ো মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে। চম্পা বড়োৰ স্বামী এজন সেনা জোৱান আছিল। মহিলাগৰাকীৰ এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছৰে পৰা মানসিকভাবে বিকাৰগ্ৰস্ত হোৱা বুলি একাংশই জানিবলৈ দিয়ে।
বিগত ১৩ বছৰ আগতে সেনা জোৱানজনে কৰ্মজীৱনৰ পৰা অব্যাহতি লৈছিল আৰু প্ৰায় ৫ বছৰ আগতে তেওঁৰ মৃত্যু ঘটে। অৱশ্যে মহিলাগৰাকীয়ে এই মাৰণাস্ত্ৰ ক’ৰ পৰা পালে এই সন্দৰ্ভত আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি