অনুজ পোদ্দাৰৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ পত্ৰ
গুৱাহাটী : নতুন দিল্লীস্থিত অনুজ পোদ্দাৰ নামৰ এজন লোকজনৰ বাসগৃহত আয়কৰ বিভাগৰ দ্বাৰা চলোৱা এক অভিযানত কিছুমান ৰাজ্যৰ মন্ত্ৰী তথা উচ্চ বিষয়াৰ উপৰিও অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ লগত লোকজনৰ সংযোগৰ তথ্য তথা অসম চৰকাৰৰ কিছু বিভাগৰ প্ৰকল্প আৰু নিবিদাৰ নথি-পত্ৰ উদঘাটন হোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজৰ স্থিতি ৰাজহুৱা কৰিবলৈ আৰু নিজৰ তত্বাৱধানত বিষয়টোৰ সঠিক তদন্ত কৰাই উচিত ব্যৱস্থা ল’বলৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাবী জনাইছে। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত শইকীয়াই এইবুলি উল্লেখ কৰে যে যে, আয়কৰ বিভাগে ইতিমধ্যে দালাল পোদ্দাৰ আৰু মন্ত্ৰীগৰাকী সম্পৰ্কৰ বিষয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে। এনে প্ৰাথমিক অভিযোগ অসমৰ ৰাইজৰ বাবে অতি উদ্বেগৰ কথা কাৰণ এইটোৱে মুখ্যমন্ত্ৰীৰ নিকা প্ৰশাসন আৰু “ভ্ৰষ্টাচাৰৰ