Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:58 am

Home » আঞ্চলিক » ৩০ জুনত খচৰা প্ৰকাশ পোৱাটো অসম্ভৱ : হাজেলা

৩০ জুনত খচৰা প্ৰকাশ পোৱাটো অসম্ভৱ : হাজেলা


গুৱাহাটী : ৩০ জুনত খচৰা প্ৰকাশ পোৱাটো অসম্ভৱ।’ এই মন্তব্য ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ। ৰাজ্যখনৰ ব্যক্তিগত ছেটেলাইট চেনেল এখনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হাজেলাই আৰু কয় যে— ‘সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছতো প্ৰক্ৰিয়া চলি থাকিব, পূৰ্বে আৱেদন কৰাসকলৰ বিষয় নিষ্পত্তি কৰা হ’ব আৰু অচিৰেই সবিশেষ প্ৰকাশ কৰিব এন আৰ চি কৰ্তৃপক্ষই৷ পূৰ্বে আৱেদন নজনালে কোনো লোকে আৱেদন জনাব নোৱাৰিব৷
ইৰিনে প্ৰতিজনৰে ব্যক্তিগত এনআৰচি প্ৰকাশ প্ৰয়োজনীয়, পৰিয়াল ৰূপেও এনআৰচি কৰ্তৃপক্ষই খচৰা প্ৰকাশ কৰিব, কিন্তু ব্যক্তিগত পৰিচয় মৌলিক প্ৰয়োজনীয়তা বুলিও হাজেলা মন্তব্য কৰে। আনহাতে এন আৰ চিত প্ৰকাশ পোৱা বা পাবলগীয়া নাম ভুল সন্দৰ্ভত তেওঁ কয়— নাম শুদ্ধকৰণৰ বাবেও দুটা পদ্ধতি থাকিব। অনলাইন যোগেও নাম-উপাধি শুদ্ধ কৰিব পাৰিব আৰু এনআৰচি সেৱাকেন্দ্ৰত গৈও আৱেদন জনাব পাৰিব।
অসমত বাস কৰা অন্য ৰাজ্যত বাসিন্দাক লৈও মন্তব্য ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কয়— অন্য ৰাজ্যৰ বাসিন্দাই চিন্তা কৰাৰ প্ৰয়োজন নাই, জিলা দণ্ডাধীশৰ জৰিয়তে অনুসন্ধান কৰিছে কৰ্তৃপক্ষই, ভুল নথি আৰু লিগেচী দিয়াসকলেও আৱেদনৰ সুযোগ পাব, যিকোনো মানুহেই বিদেশীৰ বিৰুদ্ধে এনআৰচি সেৱাকেন্দ্ৰত গৈ গোচৰ দিব পাৰিব৷ অভিযুক্ত বিদেশীয়ে ভাৰতীয় ৰূপে প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব আৰু আৱেদনকাৰীয়েও নিজৰ মত ৰখাৰ সুযোগ পাব।’ ‘ইতিমধ্যে ৩ কোটিৰো অধিক মানুহৰ নথি পৰীক্ষণ কৰা হৈছে৷ ইয়াৰে ৬.৫০ কোটি তথ্য বিভিন্ন পক্ষৰ পৰা পৰীক্ষণ কৰাৰ লগতে ২৯ লাখ বিবাহিত মহিলাৰ নথি পৰীক্ষণ হৈছে আৰু ৯ লাখ মহিলাৰ বংশবৃক্ষৰ জৰিয়তে নথি পৰীক্ষণ, ২০ লাখ বিবাহিত মহিলাৰ পঞ্চায়ত নথিক লৈ পৰীক্ষণ কৰা হৈছে।’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি