Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:53 am

Home » আঞ্চলিক » এন আৰ চিত ত বাধা দিয়াৰ চেষ্টা চলাইছে একাংশ ৰাজনৈতিক শক্তিয়ে : কুমাৰ দীপক দাস

এন আৰ চিত ত বাধা দিয়াৰ চেষ্টা চলাইছে একাংশ ৰাজনৈতিক শক্তিয়ে : কুমাৰ দীপক দাস

বৰপেটাত অগপৰ সংবাদমেল

বৰপেটা : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজত কিছুমান ৰাজনৈতিক অপশক্তিয়ে বাধাৰ সৃষ্টি কৰাৰ বাবে অহৰহ প্রচেষ্টা চলাই আহিছে। এই শক্তিসমূহে এন আৰ চিৰচূড়ান্ত খচৰা প্রকাশ পােৱাৰ আগমুহূর্তত গােটেই প্রক্রিয়াটোত খেলিমেলি লগােৱাৰ এক কু-অভিসন্ধি চলাই আহিছে। অসমৰ জাতীয় জীৱনৰ বহু প্রত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ পাবলৈ মাজত মাত্ৰ আৰু ৯ দিন বাকী থকা সময়তে এই অভিযােগ উত্থাপন কৰিছে ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা অসম গণ পৰিষদ দলৰ উপ-সভাপতি কুমাৰ দীপক দাসে।
ৰাজ্যসভাৰ প্রাক্তন সাংসদগৰাকীৰ লগতে বৰপেটা জিলা অগপৰ সভাপতি তথা বৰপেটাৰ স্থানীয় বিধায়ক গুণীন্দ্র নাথ দাসৰ নেতৃত্বত আজি অগপৰ এটা পােন্ধৰজনীয়া দলে এন আৰ চিৰ কাম কাজ সম্পৰ্কত বুজ ল’বলৈ বৰপেটা জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰে। উপায়ুক্ত গৰাকীৰ সৈতে এইক্ষেত্ৰত এখন বৈঠকত মিলিত হােৱাৰ পিচতে বৰপেটা জিলা অগপৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়ােজন কৰা হয়। এই সংবাদমেলত অংশগ্রহণ কৰি কুমাৰ দীপক দাসে কয় যে, অসমবাসীৰ দীর্ঘদিনীয়া দাবী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৩০ জুনত প্রকাশ পাব। কিন্তু এন আৰ চিৰ কাম-কাজত বিধি পথালি দিবলৈ আৰু এন আৰ চিৰ কাম বন্ধ কৰিবলৈ একাংশ ৰাজনৈতিক অপশক্তিয়ে অহৰহ চেষ্টা চলাই আহিছে বুলিও অগপ নেতাগৰাকীয়ে কয়।
তেওঁ কয় যে, ৩০ জুনৰ পিচত অসমত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব, সংঘৰ্ষৰ সৃষ্টি হ’ব আদি বিভিন্ন কথা কিছুমান অঞ্চলত অপ-প্রচাৰ চলােৱা হৈছে। তেওঁ লগতে কয় যে, কংগ্ৰেছ দলে সাধাৰণ মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে। আনহাতে, উগ্র ধর্মীয় চেতনাসম্পন্ন কিছুমান দলসংগঠনেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজত বিধিপথালি দিয়াৰ চেষ্টা চলাই আহিছে বুলি কুমাৰ দীপক দাসে অভিযােগ কৰে। এই শক্তিসমূহেনাগৰিকত্ব আইন সংশােধনী বিধেয়কখনক এন আৰ চিৰ বিষয়টোৰ সৈতে সংপৃক্ত কৰি গােটেই প্রক্রিয়াটোক। বাধাগ্রস্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে অগপ নেতাগৰাকীয়ে। সাধাৰণ ৰাইজে যাতে এনে অপশক্তিসমূহৰ কথা বতৰাত ভােল নাযায় আৰু অপশক্তিসমূহৰ চেষ্টাসমূহত যাতে সহায়-সহযােগ নকৰে তাৰ বাবেও ৰাইজৰ প্রতি আহ্বান জনায় অগপ নেতাগৰাকীয়ে। অপশক্তিসমূহে যাতে এন আৰ চিৰ খচৰা প্রকাশ পােৱাৰ সময়ত কোনাে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নােৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত দাবী জনােৱা বুলি উল্লেখ কৰে ৰাজ্যসভাৰ প্রাক্তন সাংসদ গৰাকীয়ে। এইক্ষেত্ৰত অগপ দলে সহায়-সহযােগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰি কুমাৰ দীপক দাসে কয় যে, বৰপেটা জিলা অগপৰ তত্বাৱধানত জিলাখনৰ চুকে-কোণে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। আজিৰ এই সংবাদ মেলতে কুমাৰ দীপক দাসে বৰপেটাৰ সু-সন্তান তথা অসমৰ সংগীত জগতৰ প্রবাদ প্রতীম পুৰুষ পুৰুষােত্তম দাসৰ স্মৃতি স্থায়ী কৰি ৰাখিবলৈ বৰপেটা পৌৰসভাৰ সহযােগত এক আঁচনি প্রস্তুত কৰা হৈছে বুলিও উল্লেখ কৰে। এই সংবাদমেলত বৰপেটা জিলা অগপৰ সভাপতি তথা বিধায়ক গুণীন্দ্র নাথ দাস, সাধাৰণ সম্পাদকদ্বয় ক্রমে চিত্তৰঞ্জন বর্মন আৰু ধনজিৎ পাঠক উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি