Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:23 pm

Home » বিবিধ » সন্মান-বঁটা » ৰংঘৰ, তাঁতীকুছিৰ উদ্যোগত বিশেষ আয়ােজন : গােকুল পাঠকলৈ ‘তাঁতীকুছি’ বঁটা

ৰংঘৰ, তাঁতীকুছিৰ উদ্যোগত বিশেষ আয়ােজন : গােকুল পাঠকলৈ ‘তাঁতীকুছি’ বঁটা


শ্রীময়ী অসমীৰ স্ৰষ্টা, সংগীত সাধক পুৰোষােত্তম দাসৰ মৃত্যু দিৱস পালন

পুলেন্দ্র দাস, বৰপেটা :
অসমৰ লােকসংগীতক জগত সভাত প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাটকটীয়া প্রবাদ পুৰুষ তথা অসমৰ সংগীত জগতৰ পুৰােধা পুৰুষােত্তম দাসৰ আজি ২৪ সংখ্যক মৃত্যু তিথি উপলক্ষে বৰপেটা চহৰত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ উদ্যোগত আয়ােজন কৰা হয় স্মৃতি দিৱস। সত্ৰনগৰী বৰপেটাত জন্মগ্রহণ কৰা এইগৰাকী ক্ষণজন্মা পুৰুষে ১৯৮৪ চনৰ ২০ জুনত মৃত্যুবৰণ কৰে।
পুৰুষােত্তম দাসৰ স্মৃতিত আজি বৰপেটাৰ অগ্রণী সাংস্কৃতিক অনুষ্ঠান ৰংঘৰে ‘ৰিক্ত হলেও মুক্তজনৰ কপালত ৰঙা চন্দন’ শীর্ষক অনুষ্ঠানৰ আয়ােজন কৰে। এই অনুষ্ঠান উপলক্ষে ৰংঘৰ প্ৰাংগনৰ পৰা আজি সন্ধিয়া বৰপেটা চহৰৰ বিভিন্ন প্রান্তেৰে এক সাংস্কৃতিক পৰিভ্ৰমণ কাৰ্যসূচী গ্রহণ কৰা হয়।
ইপিনে সংগীত সাধকজনাৰ প্রতি শ্রদ্ধা জনােৱাৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক-সামাজিক অনুষ্ঠান তাঁতীকুছিয়ে আয়ােজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে আয়ােজন কৰা এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বৰপেটা সত্ৰত ভকত সেৱা কৰাৰ পিচতে পুৱা পতাকা উত্তোলন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্র নাথ দাসে। দিনৰ দহ বজাত পুৰুষােত্তম দাসৰ প্ৰতিচ্ছৱিত বন্তি প্রজ্জ্বলন আৰু পুস্পাঞ্জলি অর্পণ কার্যসূচী অনুষ্ঠিত হয়। বন্তি প্রজ্বলন কৰে গীতিকাৰ সুৰকাৰ সুধীৰ দাসে।
আনহাতে, পুস্পাঞ্জলি অর্পণ কৰে বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। দিনৰ ১০-৩০ বজাত প্রয়াত অবলা বালা দাসৰ সোঁৱৰণত তােলনী বিয়াৰ গীত প্রতিযােগিতা অনুষ্ঠিত হয়। বিয়লি ডম্বৰুধৰ দাস আৰু ভাগ্যবালা দাসৰ সোঁৱৰণত কুইজ প্রতিযােগিতা অনুষ্ঠিত হয়। ৪-৩০ বজাত মুকলি সভা, তাঁতীকুছি মুখপত্র উন্মােচন আৰু তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠান মুকলি কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অর্জুন চন্দ্র দাসে।
এই অনুষ্ঠানতে ‘বৰপেটা সত্ৰৰ ইতিহাস’ প্রণেতা শিল্পী-সাহিত্যিক গােকুল পাঠকক তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। আনহাতে মুকলি সভাত মুখপত্র ‘তাঁতীকুছি’ উন্মােচন কৰে ৰাজ্যসভাৰ প্রাক্তন সাংসদ কুমাৰ দীপক দাসে। সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে গুৱাহাটীৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ দয়ানন্দ পাঠকে। সন্ধিয়া ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকে বন্তি প্রজ্বলন কৰাৰ পিচতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি